ETV Bharat / state

BPF Meets at Tangla : না NDA, না I.N.D.I.Aত ! চল চাই কঠিয়া পাৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 1:02 PM IST

BPF Meets at Tangla
চল চাই কঠিয়া পাৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে

ওদালগুৰি জিলাৰ টংলাত বিপিএফৰ সভা ৷ প্ৰায় 1700 লোকে বিপিএফত যোগদান কৰে উক্ত সভাতে ৷ বিপিএফ নেতা হাগ্ৰামা মহিলাৰী উপস্থিত থাকে এই সভাত ৷

চল চাই কঠিয়া পাৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে

ওদালগুৰি, 25 ছেপ্টেম্বৰ : সন্মুখত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনলৈ এখোজ-দুখোজকৈ সাজু হৈছে শাসক-বিৰোধী ৷ ৰাজনৈতিক দলসমূহে তৃণমূল পৰ্যায়ত দলীয় শক্তি বৃদ্ধি কৰাত নামি পৰিছে ৷ আৰম্ভ হৈছে দল সলনি আৰু যোগদানৰ ৰাজনীতি ৷ সোমবাৰে ওদালগুৰি জিলাৰ টংলাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱন প্ৰাংগণত অনুষ্ঠিত হয় বিপিএফৰ এক সভা ৷

খালিংদুৱাৰ ব্লক বিপিএফ দলৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা ৷ উক্ত সভাত উপস্থিত থাকে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷ টংলাত খালিংদুৱাৰ ব্লক বিপিএফে আয়োজন কৰা সভাতে বিপিএফত যোগদান কৰে প্ৰায় 1700 লোকে ৷ বিপিএফত যোগদান কৰা 1700 লোকৰ ভিতৰত বিজেপি, ইউপিপিএল দলৰো সদস্য বুলি জানিবলৈ দিছে বিপিএফ নেতা হাগ্ৰামা মহিলাৰীয়ে ৷

এই সন্দৰ্ভত মহিলাৰীয় কয়, ‘‘শেহতীয়াকৈ বিটিচি পৰিষদীয় শাসক ইউপিপিএল দলৰ লগতে বিজেপিৰ নেতা-কৰ্মীসকলে নিজৰ দলৰ প্ৰতি মোহ ভংগ হৈ বিপিএফ দললৈ ঢাপলি মেলিছে ৷ ইয়াৰ পৰাই বিপিএফ দলৰ জনপ্ৰিয়তা আৰু জনসাধাৰণৰ স্বাৰ্থত সেৱা আগবঢ়াব পৰা দল বুলি ৰাইজে আঁকোৱালি লোৱাটোৱে প্ৰমাণ কৰিছে ৷’’

মহিলাৰীয়ে লগতে কয়, ‘‘বিটিচি প্ৰধান প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল-বিজেপি মিত্ৰজোঁটৰ পৰিষদীয় চৰকাৰখনে জনসাধাৰণৰ স্বাৰ্থত কাম কৰাত ব্যৰ্থ হৈছে ৷ তদুপৰিও দলীয় নেতা-কৰ্মীসকলৰ প্ৰতি সহানুভূতিহীন হোৱাত দলটোৰ নেতা-কৰ্মীসকলৰ মোহভংগ হৈছে ৷ বিটিচিত বিপিএফ দল ৰাইজৰ হৃদয়ে হৃদয়ে জীয়াই আছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত অকলে আমি নিৰ্বাচন খেলিম ৷ আমি NDA মিত্ৰজোঁটতো নাই, INDIA মিত্ৰজোঁটতো নাই ৷ ’’

হাগ্ৰামাৰ এই মন্তব্যলৈ চাই তেওঁ যে এক প্ৰকাৰ চল চাই কঠিয়া পৰাৰ দৰে ভূমিকা ল’ব পাৰে সেয়া ধাৰণা কৰি পাৰি ৷

শেহতীয়াকৈ ভূমি কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ নাম সঙোৰ খোৱা বিষয়টোৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত উত্তৰত বিপিএফ নেতা মহিলাৰীয়ে কয়, ‘‘মই এতিয়া দিল্লী অথবা দিছপুৰৰ মানুহ নহয় ৷ মই বিটিচিৰ মানুহ ৷ মোক প্ৰমোদ বড়োৰৰ কেলেংকাৰীৰ কথা প্ৰশ্ন কৰিলে সকলো ক’ব পাৰিম ৷’’

লগতে পঢ়ক:Eviction in BTC: বিটিচিৰ 42 টা পৰিয়াললৈ উচ্ছেদৰ জাননী; সৰৱ ABMSU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.