AASA demanding tribalisation:জনজাতিকৰণৰ দাবীত দিল্লীত দহ হাজাৰ আদিবাসী লোকে কৰিব প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 4:06 PM IST

thumbnail

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনা জনজাতিকৰণৰ দাবীত সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ AASA ৰ উদ্যোগত চচলৰ ধৰ্ণাস্থলীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে আদিবাসী চাহ শ্ৰমিক সকলৰ দৈনিক ভাট্টা বৃদ্ধি কৰা, আদিবাসী সকলক মাটিৰ পট্টা প্ৰদান কৰা, অসমৰ আদিবাসী সকলক অতি শীঘ্ৰে জনজাতিৰ মর্যদা প্ৰদান কৰা, চাওঁতাল, হো, মুণ্ডা, কুড়ক, খড়িয়া, ভূমিজ, গড় আদিৰ নামেৰে জাতিগত প্রমান পত্ৰ দিয়া, বন ভূমিত থকা লোক সকলকো মাটিৰ পট্টা প্ৰদান কৰ আদি দাবী তুলি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলক জনজাতিকৰণৰ মৰ্য্যাদা নিদিলে দিল্লীত দহ হাজাৰ লোকক লৈ আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে সন্থাৰ নেতৃবৃন্দই । আদিবাসী নেতা সকল চাহ জনগোষ্ঠীৰ নেতাহে, তেওঁলোক প্ৰকৃততে অধিবাসীৰ নেতা নহয় বুলি উল্লেখ কৰি আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে, আদিবাসী সকলৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি চাহ জনগোষ্ঠীৰ নেতাসকলে কেৱল বিধায়ক আৰু সাংসদৰ নিৰ্বাচনৰ বাবে টিকটহে লয়, কিন্তু তেওঁলোকে আদিবাসী লোকৰ বিষয়ে একো নাজানে ৷ এতিয়া দিন সলনি হৈছে, গতিকে আগন্তুক নিৰ্বাচনত এনে নেতাক সঠিক প্রত্যুত্তৰ দিব বুলি প্ৰতিবাদকাৰী সকলে সকীয়াই দিয়ে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.