AAP slams SEBA: প্ৰশ্ন কাকত ফাদিলত বিশ্ব ৰেকৰ্ড গঢ়িছে শাসনাধিষ্ঠিত চৰকাৰে: আপ

By

Published : Mar 14, 2023, 10:59 AM IST

thumbnail

নগাওঁ, 14 মাৰ্চ : মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া । প্ৰশ্ন কাকত ফাদিল প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাৰ । নগাঁৱত চৰকাৰৰ ক্ৰমৱৰ্ধমান পেট্ৰ’লৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ভগৱান শিৱৰ প্ৰতিকী ৰূপত প্ৰতিবাদ কৰি ৰাজ্যজুৰি চর্চা লাভ কৰা যুৱক তথা বৰ্তমানৰ আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাই ছেবা তথা শিক্ষামন্ত্ৰী বিৰুদ্ধে ক্ষোভ উজাৰে (AAP reaction against HSLC paper leaked) ৷ 

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ততা দায়িত্বজ্ঞানহীনভাৱে পতা পৰীক্ষাই ছাত্ৰ ছাত্ৰীৰ জীৱনক এক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে বুলি উল্লেখ কৰি লৈ ছেবা তথা ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলাৰ কাৰ্য বন্ধ কৰাৰ বাবে দাবী জনায় বৰুৱাই । লগতে চৰকাৰক তীব্ৰ কটাক্ষ কৰি শাসনাধিষ্ঠিত চৰকাৰখনে প্ৰশ্নকাকত ফাদিলত বিশ্ব ৰেকৰ্ড গঢ়িছে বুলি মন্তব্য কৰে আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাই । ইয়াৰ লগতে কংগ্ৰেছৰ শাসনকালত শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি থকাৰ সময়ছোৱাত ৰাজ্যৰ শিক্ষকসকলক সংবাদ মাধ্যমৰ আগত অপমান কৰাৰ কথাও উল্লেখ কৰে আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে (HSLC general science question paper leak)। 

শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগুৰ পদত্যাগ দাবী কৰে আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে (SEBA question paper leak controversy)। 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.