লেংটিছিঙাত দুখীয়া লোকৰ মাজত কম্বল বিতৰণ

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 7:55 PM IST

thumbnail

বঙাইগাঁও, 13 জানুৱাৰী : বিগত দুদিনৰ পৰা ৰাজ্যত হঠাৎ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ৷ হাড় কঁপোৱা জাৰৰ মাজতে দুখীয়া লোকসকল গৰম কাপোৰৰ অভাৱেৰে জীৱন যাপন কৰি আহিছে ৷ সেয়ে পুহ মহীয়া ঠেঁটুৱৈ লগা জাৰৰ পৰা যাতে কিছু হ’লেও দুখীয়া লোকসকল পৰিত্ৰাণ পায় তাৰ বাবে শুকুৰবাৰে নিশা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিলে লেংটিছিঙা আঞ্চলিক আমছুৰ সভাপতি মুফাজ্জেল হুছেইনে ৷

শুকুৰবাৰে নিশা লেংটিছিঙা আঞ্চলিক আমছুৰ সভাপতি হুছেইনৰ নেতৃত্বতে লেংটিছিঙাৰ ডুমেৰগুৰী অঞ্চলৰ দুখীয়া পৰিয়ালসমূহৰ মাজত কম্বল বিতৰণ কৰাৰ লগতে কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে আমছুৰ সদস্যই ৷ উক্ত কাৰ্যসূচীত উপস্থিত আছিল উত্তৰ শালমাৰা জিলা আমছুৰ মুখ্য উপদেষ্টা বাহাৰুল ইছলাম, কাৰ্যকৰী সভাপতি ছাইদুল ইছলাম, লেংটিছিঙা আঞ্চলিক আমছুৰ সভাপতি মুফাজ্জেল হুছেইন, সম্পাদক আমিনুল ইছলাম ।

লগতে পঢ়ক : মাটিতকৈ খুৰাক ডাঙৰ নহয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.