Passenger ferry stranded: প্ৰতিকূল বতৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ এম ভি ডিগাৰু ফেৰী

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 11:18 AM IST

thumbnail

মাজুলী, ২১ ছেপ্টেম্বৰ : ব্ৰহ্মপুত্ৰত আৱদ্ধ এখন যাত্ৰীবাহি ফেৰী । প্ৰতিকূল বতৰৰ মাজতে বৃহস্পতিবাৰে পুৱা নিমাতিৰ পৰা কমলাবাৰী ঘাট অভিমুখী এখন যাত্ৰীবাহী ফেৰী ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰে । এম. ভি. ডিগাৰু নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰৰ বালি চৰত আৱদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, নিমাতী ঘাটৰ পৰা পুৱা ৮.৩০ বজাত কমলাবাৰী ঘাট অভিমুখে গতি কৰিছিল ফেৰীখনে । যাত্ৰাৰ কিছু সময়ৰ ব্যৱধানতে এম. ভি. ডিগাৰু নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰৰ বালি চৰত আৱদ্ধ হৈ পৰে ৷ ব্ৰহ্মপুত্ৰৰ বক্ষত ফেৰীখন আৱদ্ধ হৈ পৰাত চিন্তিত হৈ পৰে যাত্ৰীসকল ৷ আনকি যাত্ৰীসকলৰ মাজত এক হুৱাদুৱা লাগে ৷

ইফালে ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰা ফেৰী যাত্ৰীসকলক উদ্ধাৰ বাবে কমলাবাৰী ঘাটৰ পৰা জলতৰি নামৰ আন এখন ফেৰী ৰাওনা হৈছে বুলি জানিব পৰা গৈছে । তথ্য মতে, ব্ৰহ্মপুত্ৰৰ বক্ষত আৱদ্ধ হোৱা ফেৰীখনত ৬৩ জন যাত্ৰী আৰু ১৭ বাইকৰ লগতে দুখন চাৰিচকীয়া বাহন আছে ।

লগতে পঢ়ক : Passenger ferry stucked: ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰীসহ আৱদ্ধ এম ভি লোহিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.