Tragic incident in Hojai: হোজাইত ৰহস্যজনকভাৱে দম্পতীৰ আত্মহত্যা

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:20 PM IST

thumbnail

হোজাই, 28 অক্টোবৰ : হোজাই জিলাৰ কাৰিখানাত চাঞ্চল্যকৰ ঘটনা ৷  এক দম্পতীৰ আত্মহত্যাক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ ঘটনা অনুসৰি, হোজাই জিলাৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত কাৰিখানা বিল গাঁৱত শুক্ৰবাৰে সংঘটিত হৈছে এই ঘটনা ৷ গাঁওখনৰ সুৰজ দাস আৰু তেওঁ পত্নীয়ে নিজ বাসগৃহত একেটা কোঠাৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰে ৷ 

চিপ লৈ ওলমি থকা অৱস্থাত লংকা আৰক্ষীয়ে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অৱশ্যে কি কাৰণত দম্পতীটোৱে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ আনহাতে লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাচতহে সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:Mann Ki Baat : হোজাইবাসীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান শুনিব মুখ্যমন্ত্ৰী শৰ্মাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.