Gambler Arrested : গোৰেশ্বৰত ৮ জুৱাৰীক গ্ৰেপ্তাৰ

By

Published : Oct 26, 2022, 6:15 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

গোৰেশ্বৰ আৰক্ষীৰ পুনৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান (police operation against gambler) । দীপাৱলীৰ দুদিনত ৮ জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে গোৰেশ্বৰ আৰক্ষীয়ে (8 gambler arrested at Goreswar) । প্ৰথম নিশা আটক কৰে গোৰেশ্বৰৰ ভোগপুৰ গাঁৱৰ চান মহম্মদ, চফিক আলী, তাজনুৰ আলী আৰু চালাম আলী নামৰ জুৱাৰী চাৰিটাক । দ্বিতীয় নিশা আটক কৰে হাজলপাৰাৰ প্ৰবিত ৰাজবংশী, বেতনাৰ কাশী দাস, বেঙেনাআটীৰ শংকৰ দাস আৰু গোৰেশ্বৰৰ লিটন নামা শৰ্মা নামৰ জুৱৰীকেইটাক । জুৱাৰীকেইটাৰ হাতৰ পৰা জুৱা খেলত ব্যৱহৃত সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে । লগতে গোৰেশ্বৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে গোৰেশ্বৰত জুৱাৰ বিৰুদ্ধে অহৰ্নিশে তীব্ৰ অভিযান অব্যাহত ৰাখিব । এই কথা জনাইছে গোৰেশ্বৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাই ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.