Sexual harassment case : ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি কন্যা শিশু

By

Published : Nov 16, 2022, 12:06 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

বৰপেটাত জঘন্য ঘটনা । এগৰাকী বৃদ্ধৰ কামনাৰ বলি হ'ল এটি কন্যা শিশু (60 year old sexually assaults girl child)। মাজদিয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লম্পট বৃদ্ধ । অভিযুক্ত বৃদ্ধগৰাকী সৰ্থেবাৰী থানাৰ অন্তৰ্গত চেংদি গাঁৱৰ ৬০ বছৰীয়া হুছেইন আলী বুলি জানিব পৰা গৈছে (Old man arrested for sexual assault)। মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ নেতৃত্বত মাজদিয়া আৰক্ষী চকীৰ এটা দলে অভিযান চলাই যৌন নিৰ্যাতনৰ অভিযুক্ত হুছেইন আলীক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত এগৰাকী ৭ বছৰীয়া কন্যা শিশুক ফুচুলাই লম্পট হুছেইন আলীয়ে ঘৰলৈ মাতি নি মোবাইল দেখুৱাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছিল শিশুগৰাকীৰ পৰিয়ালে । পৰিয়ালৰ লোকে মাজদিয়া আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ । ভুক্তভোগী শিশুগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হুছেইন আলীৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত ১৫১/২০২২ নম্বৰত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.