Ayurvedic Hospital in Majuli: দুৰ্গাপূজাৰ পূৰ্বে মাজুলীবাসীৰ বাবে নতুন উপহাৰ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 6:35 PM IST

thumbnail

মাজুলী, 7 অক্টোবৰ: পয়ালগা মাজুলীৰ স্বাস্থ্য খণ্ডলৈ নতুন আশাৰ ৰেঙনি ৷ শনিবাৰে 50 খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মাজুলী শ্ৰীৰাম চাপৰি অঞ্চলত নিৰ্মাণ কৰা হৈছে 50 খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা আৰু সাংসদ তপন কুমাৰ গগৈ ।

আনহাতে মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে মাজুলীৰ শ্ৰীৰাম চাপৰিত আয়ুৰ্বেদিক চিকিৎসালয়খন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আজি চিকিৎসালয়খন উদ্বোধন কৰি ভাষণ প্ৰসংগত মন্ত্ৰী সোণোৱালে কয়, ‘‘50 খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খনে মাজুলীবাসীক চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব ৷ বিগত 60-70 বছৰে স্বাস্থ্যখণ্ডৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়া নাছিল  ৷ কিন্তু মোদী চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে ৷’’

লগতে পঢ়ক:Nimati Majuli ferry service : নিমাতী মাজুলী জলপথত পুনৰ লেচীৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.