Assam police raid against drugs : তিনিচুকীয়াত ৪ ড্ৰাগছ সৰবৰাহকাৰীক আটক

By

Published : Jan 3, 2023, 6:08 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে (Anti drugs operation of Assam Police)। ইয়াৰ মাজতে তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা । তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ৪ টাকৈ ড্ৰাগছ সৰবৰাহকাৰী । বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ নেতৃত্বত আৰু পৰিদৰ্শক ভাস্কৰ ৰাজ বৰুৱাৰ সহযোগত আজি হোটেল ইষ্ট ইণ্টাৰনেচনেলত চলোৱা এক অভিযানত ড্ৰাগছসহ আটক হয় চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী যুৱক (Drugs peddler detained at Tinsukia)৷ আটকাধীন ৪ যুৱক ক্ৰমে শদিয়াৰ ব্ৰজেন বুঢ়াগোঁহাই, ৰূপম নেওগ, বকুল শইকীয়া আৰু নিপেন বুঢ়াগোঁহাই ৷ আটাইকেইগৰাকীৰ পৰা আৰক্ষীয়ে নগদ প্ৰায় ১৬ হাজাৰ টকা আৰু AS-23-P-8300 নম্বৰৰ এখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে ডিমাপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত হৈ আছিল আৰু ড্ৰাগছ সৰবৰাহৰ উদ্দেশ্যেই তিনিচুকীয়াৰ হোটেলত শিবিৰ পাতি আছিল । আৰক্ষীয়ে যুৱক কেইজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.