বিধ্বংসী অগ্নিকাণ্ডত ছাই হ'ল এটা পৰিয়ালৰ তিনিটাকৈ ঘৰ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 7:56 PM IST

thumbnail

জনীয়া, 16 নৱেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওঁৰাচৰা গাঁৱত বৃহস্পতিবাৰে বিয়লি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ বাহাৰুল ইছলাম নামৰ এজন লোকৰ ঘৰত প্ৰায় বিয়লি ৪ বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত জাহ যায় এটা পৰিয়ালৰ তিনিটাকৈ গৃহ। বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি আশংকা কৰিছে পৰিয়ালটোৱে ।

বাসগৃহ তিনিটাৰ লগতে নগদ ধন, ধান, চাউল, প্ৰয়োজনীয় নথি-পত্ৰ আদি কৰি ঘৰৰ সম্পূৰ্ণ আচবাব জুইত জাহ যায়। এই অগ্নিকাণ্ডত পৰিয়ালটোৰ প্ৰায় ৩ লক্ষাধিক টকাৰ ক্ষতি হয় বুলি জানিবলৈ দিয়ে। 

গাঁৱৰ লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিচত পথটো ঠেক হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনখন সোমাব নোৱাৰে ৷ ফলত ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও জুই নুমুৱালৈ বাসগৃহ তিনিটা জ্বলি যায় ৷ । এই ঘটনাৰ পিচতে দুখীয়া পৰিয়ালটোক চৰকাৰে এককালিন সাহাৰ্য প্ৰদানৰ দাবী জনায় স্থানীয় লোকে ৷

লগতে পঢ়ক: শূঁৰ পোকৰ ত্ৰাস: পৰিত্ৰাণৰ উপায় সন্দৰ্ভত কি ক’লে বিশিষ্ট কৃষি বিজ্ঞানী সমীৰণ পাঠকে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.