Central established Day of TYPA: আমগুৰিত টাইপাৰ ২৭ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

By

Published : Jul 18, 2022, 10:06 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

আমগুৰিত টাই আহোম যুৱ পৰিষদৰ ২৭ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন (Tai Ahom Yuva Parishad established day) ৷ প্ৰতিষ্ঠা দিৱসত বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সাংবাদিক সমীৰণ দুৱৰাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ 'ৰণখাম' উন্মোচন কৰে শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ কমলজ্যোতি গগৈয়ে । মুকলি সভাতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ২০০ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা (Sankar Jyoti Baruah AASU), সংযুক্ত মুক্তি বাহিনীৰ সভাপতি অৰবিন্দ ৰাজখোৱা, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়া, টাইপাৰ আইন উপদেষ্টা চন্দ্ৰ বৰুৱা, সদৌ অসম মহিলা সমিতিৰ সম্পাদিকা ইন্দ্ৰানী ৰাজকুমাৰী ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.