National Voters Day 2023: লখিমপুৰত প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

By

Published : Jan 25, 2023, 9:28 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

সমগ্র ৰাজ্যৰ লগতে বুধবাৰে লখিমপুৰতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয়(National Voters Day 2023) । লখিমপুৰ জিলা প্ৰশাসনৰ(Lakhimpur District Administration) উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় । এই উপলক্ষ্যে জিলা নির্বাচনী বিষয়া কাৰ্যালয়ৰ উদ্যোগত এখনি সভা অনুষ্ঠিত কৰা হয় । সভাখনত সভাপতিত্ব কৰে নিৰ্বাচন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰাই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিৰ্বাচনী বিষয়া মোস্তাফা চালিম আহমেদে ।

উক্ত সভাতে নতুনকৈ ভোটাধিকাৰ লাভ কৰা কেইবাজনো ভোটাৰক সম্বৰ্ধনা জনোৱাৰ লগতে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰা হয় ৷ তেওঁলোকে নতুনকৈ ভোটাধিকাৰ লাভ কৰি উৎফুল্লিত হোৱাৰ লগতে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰি নিজৰ মনোভাৱ ব্যক্ত কৰে । সভাত তত্বাৱধায়ক আৰু ভোটকেন্দ্ৰৰ বিষয়াসকলে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত সন্মুখীন হোৱা সুবিধা-অসুবিধা সম্পৰ্কত মন্তব্য আগবঢ়োৱাৰ লগতে বিভিন্ন অভিজ্ঞতাৰ বিষয়ে বর্ণনা কৰে ।

ইয়াৰ পিছতে সভাত উপস্থিত ব্যক্তি তথা নতুনকৈ ভোটাধিকাৰ লাভ কৰা ভোটাৰসকলে দেশৰ গণতান্ত্ৰিক পৰম্পৰা, মৰ্যাদা অক্ষুন্ন ৰাখি নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ ওপৰত শপত গ্ৰহণ কৰে । উল্লেখ্য যে, ২৫ জানুৱাৰী দিনটো সমগ্ৰ দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । দেশৰ জনসাধাৰণক নিজৰ ভোটাধিকাৰ ক্ষমতা আৰু ভোটদান প্ৰক্ৰিয়া সন্দৰ্ভত সজাগ কৰি তোলাৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷

ভোটদানৰ অধিকাৰ সন্দৰ্ভত ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি জিলা জিলাই প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়(Preparation for National Voters Day in Assam) । সেই অনুসৰি আজি লখিমপুৰতো জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগতে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, মহাবিদ্যালয়ত এই দিৱস উদযাপন কৰা হয়(National Voters Day celebrated in Lakhimpur) । ইয়াৰ লগত সংগতি ৰাখি গণতান্ত্ৰিক ব্যৱস্থাত ভোটাৰৰ অংশগ্রহণ শীৰ্ষক বিষয়বস্তুৰ ওপৰত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়(Awareness program to mark National Voters Day) ।  

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.