Teenager pregnant in Guwahati: গুৱাহাটীত যুৱকৰ কামনাৰ বলি হৈ দুমাহৰ অন্তঃসত্বা ১২ বছৰীয়া কিশোৰী

By

Published : Feb 16, 2023, 8:19 PM IST

thumbnail

গুৱাহাটী,১৬ ফেব্ৰুৱাৰী: দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ এনে অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী (Crime rates in Guwahati) ৷ মহানগৰীত এতিয়া নিজৰ ঘৰখনো যেন সুৰক্ষিত হৈ থকা নাই এগৰাকী যুৱতী, মহিলা কিম্বা কিশোৰীৰ বাবে ৷ শেহতীয়াকৈ আন এক জঘন্য ঘটনা সংঘটিত হৈছে মহানগৰীত ৷ এইবাৰ ঘটনাৰ স্থান চানমাৰি থানাৰ অন্তৰ্গত কুশল নগৰ অঞ্চল ৷ 25 বছৰীয়া যুৱকৰ কামনাৰ বলি হৈছে এগৰাকী ১২ বছৰীয়া কিশোৰী (Girl pregnant after being lusted by youth in Guwahati) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, পিতৃ-মাতৃৰ সৈতে কুশল নগৰ অঞ্চলৰ এঘৰত ভাড়াতীয়া হিচাপে বসবাস কৰি আহিছিল কিশোৰীগৰাকী ৷ লোকৰ ঘৰত কাম-বন কৰি কোনো মতে দৰিদ্ৰ পৰিয়ালটোক পোহপাল দি আহিছিল পিতৃ-মাতৃয়ে ৷ দুবেলা দুমুঠি ভাত মোকলাবলৈ প্ৰায় প্ৰত্যেক দিনা পুৱাই ঘৰৰ পৰা উলাই গৈছিল পিতৃ-মাতৃ ৷ পিতৃ-মাতৃ ওলাই যোৱাৰ পিচত ঘৰখনত অকলে থাকে ২ বছৰীয়া কিশোৰীগৰাকী ৷ এই কথা জানিব পাৰে একে কেম্পাচত থকা বামুণী মৈদাম অঞ্চলত মাছ ব্যৱসায় কৰা বাবু নামৰ এজন যুৱকে (Teenager girl pregnant in Chandmari) ৷

অভিযোগ অনুসৰি তাৰ পিচতেই কিশোৰী গৰাকীক ফুচলাই যুৱকজনে বিগত তিনি মাহ ধৰি যৌন নিৰ্যাতন চলায় আহিছিল কিশোৰী গৰাকীক ওপৰত ৷ কিন্তু এই কথা তিনিমাহলৈকে কোনেও গমকে নাপালে ৷ তাৰ পিচত হঠাৎ বিগত কিছুদিন ধৰি কিশোৰীগৰাকীৰ শৰীৰত কিছু পৰিৱৰ্তন দেখা পায় মাতৃয়ে ৷  কিশোৰীগৰাকীৰ শাৰীৰিক পৰিৱৰ্তন মাতৃৰ চকুত ধৰাৰ পৰা পিচতেই মাতৃয়ে তেওঁৰ কন্যা ২ মাহৰ অন্তঃসত্বা হোৱাটো নিশ্চিত কৰে (12 years old girl pregnant in Guwahati) ৷

পিচত কন্যাক এই বিষয়ে সোধ-পোচ কৰাত মাতৃক কান্দি কান্দি সকলো কথা বিৱৰি কয় । ইফালে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা কথাটো মাতৃয়ে গম পোৱা বুলি জানিব পাৰিয়েই বুধবাৰে নিশা গুৱাহাটীৰ ঘৰৰ পৰা পলায়ন কৰে যুৱকজনে । ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে আজি চানমাৰি থানাত দাখিল কৰিছে এজাহাৰ ৷ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ সন্ধানত আৰম্ভ কৰিছে অভিযান । জানিব পৰা মতে আৰক্ষীয়ে ভুক্তভোগী কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সাক্ষ্য লিপিবদ্ধ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, শেহতীয়াকৈ বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতেই বাল্যবিবাহৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিক আটক কৰিছে অসম আৰক্ষীয়ে ৷ তেনেক্ষেত্ৰত 9 বছৰীয়া কন্যাও অসমত অন্তঃসত্বা হোৱাৰ তথ্য সদৰী কৰিছিল খোদ মুখ্যমন্ত্ৰীয়ে ৷ এইবাৰ পুনৰ তেনে এক ঘটনাই পোহৰলৈ আহিছে মহানগৰীত ৷ এইক্ষেত্ৰত এতিয়া অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব সময়ত লক্ষণীয় ৷

লগতে পঢ়ক: Sadiya Gang Rape: শদিয়াৰ কিশোৰী ধৰ্ষণকাণ্ডত জড়িত দুই অভিযুক্তক জে’ললৈ প্ৰেৰণ; মূল অভিযুক্ত পলাতক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.