অসম ডাউন টাউন বিশ্ববিদ্যালয়ত পালন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

By

Published : Mar 1, 2022, 7:00 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

গুৱাহাটীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত সোমবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (National Science Day celebrated at Assam Down Town University)। বিজ্ঞান বিষয়ত শিক্ষাৰ্থীসকলক সজাগতাৰ উদ্দেশ্য উদযাপন কৰা হয় এই দিৱস । দিৱসৰ লগত সংগতি ৰাখি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণ চন্দ্ৰ তালুকদাৰে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে সজাগতা সভাত মহানগৰীৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উক্ত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যপক পৱন কুমাৰ চহৰীয়া । ভাষণ প্ৰসংগত শিক্ষাবিদ গৰাকীয়ে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য বৰ্ণনা কৰি ড° চি ভি ৰমনৰ দৰে মহান বিজ্ঞানীৰ অৱদানৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰে । অনুষ্ঠানত উপস্থিত থাকে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য এন এন দত্ত । ইয়াৰ পাছতে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিজ্ঞানৰ আহিলা প্ৰস্তুত-প্ৰণালী সম্পৰ্কে অৱগত কৰে ।

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.