নগাঁও জিলা পৰিষদৰ সভানেত্ৰী পদক লৈ টনা আজোৰা

By

Published : Mar 17, 2022, 9:23 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

সভানেত্ৰী পদক লৈ নগাঁও জিলা পৰিষদত সৃষ্টি হৈছে টনা আজোৰা (Dispute over post of president in Nagaon ZPC) । সভানেত্ৰী মুনমুনী দাস বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ । বিজেপিৰ দখলত থকা নগাঁও জিলা পৰিষদ গঠনৰ বাবে কংগ্ৰেছৰ সদস্যই চক্ৰান্ত আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে । কংগ্ৰেছ, এ আই ইউ ডি এফৰ সহযোগত বিজেপিৰ এগৰাকী সদস্যাই জিলা পৰিষদ পুনৰ গঠনৰ চেষ্টা চলোৱাৰ অভিযোগ । একাংশ বিজেপি সদস্যক জালিয়াতিৰে উকা কাগজত চহী লৈ অনাস্থা প্ৰস্তাৱ দাখিলৰ অভিযোগ উত্থাপন কৰিছে সভানেত্ৰী মুনমুনী দাস বৰাই । পিছে অনাস্থা প্ৰস্তাৱত চহী কৰা কোনো এগৰাকী সদস্যই মন্তব্য নকৰিলে সংবাদমাধ্যমৰ সন্মূখত। সম্প্ৰতি সভানেত্ৰী পদক লৈ আৰম্ভ হোৱা টনা আজোৰাই একপ্ৰকাৰে যেন অচলাৱস্থাৰ সৃষ্টি কৰিছে জিলা পৰিষদৰ কাম কাজত ।

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.