এই পৰম্পৰাগত মোদকেৰে নৈব্যেদ্য আগবঢ়াওক সিদ্ধিদাতাৰ চৰণত

By

Published : Aug 26, 2020, 8:53 PM IST

thumbnail

যেতিয়া ভগৱান গণেশৰ কথা আহি পৰে তেতিয়া আপোনাৰ মনত নাৰিকল আৰু আৰু গুৰৰ সংমিশ্ৰণেৰে ভৰা শংখ আকৃতিৰ মিঠাই, মোদকৰ বাহিৰে আন কোনো মিঠাইৰ চিন্তা হয়তো নাহে ৷ সেই পৰম্পৰাগত আৰু খাটি মহাৰাষ্ট্ৰীয় ভাপত দিয়া মিঠাইৰ ব্যঞ্জন ভগৱান গণেশক গনেশ চতুৰ্থীত নৈব্যেদ্য বা প্ৰসাদৰূপে আগবঢ়োৱা হয় ৷ এই বিশেষ মিঠাৰ ব্যঞ্জন তেওঁৰ বাবে দৰ্শোৱা এক শ্ৰদ্ধা ৷ যাৰ বাবে ভগৱান গণেশক মোদকপ্ৰিয় নাম প্ৰদান কৰা হৈছে ৷ পৰম্পৰাগত মোদক ব্যঞ্জনৰ বাহিৰৰ আৱৰণ পিঠাগুৰিৰে প্ৰস্তুত কৰা হয় নাৰিকল আৰু গুৰৰ সংমিশ্ৰণেৰে ভৰাই ৷ তাৰ পাচত ভাপত দি সেই মিঠাই ভগৱানৰ আগত উচৰ্গা কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলা হয় ৷ মাৰাঠী সকলৰ মাজত এই মোদকক উকাড়িছে মোদক নামেৰে জনা যায় ৷ উকাড়িছেৰ অৰ্থ হৈছে ভাপত দিয়া বা সিজোৱা ৷ যদি আপুনি মোদক বনোৱাৰ ক্ষেত্ৰত সময় বচাব বিচাৰে তেন্তে আপুনি বজাৰ বা ই-কমাৰ্চ প্লেটফৰ্ম সমূহত উপলব্ধ চচপেন সমূহ ব্যৱহাৰ কৰিব পাৰে ৷ তথাপিও নিজ হাতেৰে প্ৰস্তুত কৰা মোদকে আপোনাৰ সৃজনীশীলতা প্ৰদৰ্শনৰ এক সুযোগ প্ৰদান কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.