Lachit Diwas 2022: কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন

By

Published : Nov 24, 2022, 1:40 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰা হৈছে (Lachit Borphukan birth anniversary)। লাচিত দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা (Traditional sports competition in Assam)। সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো লাচিত দিৱস উদযাপন কৰা হয় (Lachit Borphukan birth anniversary at Kampur)। কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত কেইবাটাও দল-সংগঠনৰ সহযোগত বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে কামপুৰ খিলঞ্জীয়া ঐক্য মঞ্চৰ উদ্যোগত এই জন্মজয়ন্তী উদযাপন কৰা হয় । জন্মজয়ন্তী উপলক্ষে পুৱা পতাকা উত্তোলন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই । পতাকা উত্তোলনৰ পিছতেই কামপুৰস্থিত বীৰ লাচিতৰ মূৰ্তিত বন্তি প্ৰজ্বলনৰ লগতে মাল্যাৰ্পণ কৰে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈয়ে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.