Al Qaeda in Assam: অসমত অল কায়দা, বৰপেটাত ৫ জনক গ্ৰেপ্তাৰ

By

Published : Mar 5, 2022, 4:20 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

অল কায়দাৰ লগত জড়িত থকাৰ সন্দেহত বৰপেটা আৰক্ষীয়ে ৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে (Five with links with jehadi group arrested in Assam)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হ’ল মহম্মদ সুমন তথা ছাইফুল ইছলাম, খাইৰুল ইছলাম, বাদশ্বাহ ছুলেইমান খান, নৌশ্বদ আলী আৰু তাইমুৰ ৰহমান খান ৷ ইয়াৰে মহম্মদ সুমন তথা ছাইফুল ইছলামৰ ঘৰ বাংলাদেশৰ নাৰায়ণগঞ্জত, তাইমুৰ ৰহমান খানৰ ঘৰ হাউলীৰ ঢাকালিয়াপাৰাত, খাইৰুল ইছলামৰ ঘৰ কলগাছিয়াৰ বালাপাথাত, বাদশ্বাহ ছুলেইমান খান আৰু নৌশ্বদ আলীৰ ঘৰ কলগাছিয়াৰ খাৰবাল্লীত বুলি জানিব পৰা গৈছে ৷ লোক কেইজন ধৰা পৰাৰ পাছত বৰপেটা আৰক্ষীৰ মাজত তোলপাৰ লাগিছে । অসমতো অল কায়দাই গোপনে স্থান অধিকাৰ কৰিবলৈ ধৰা আশংকা ব্যক্ত কৰিছে আৰক্ষীয়ে ৷ সদস্যকেইজনক আটক কৰাৰ পিছতেই বৰপেটাত অল কায়দাৰ ঘাটি পুলিয়ে পোখাই উৎখাত কৰা বুলি সংবাদমেলযোগ দাবী কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.