নিচাযুক্ত দ্ৰব্য খুৱাই প্ৰাক্তন সেনা জোৱানৰ পৰা বাহনসহ নগদ ধন লুটি নিলে দুৰ্বৃত্তই

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 2:46 PM IST

thumbnail

গোলাঘাট,  18 ডিচেম্বৰ : গোলাঘাটত চাঞ্চল্যকৰ ঘটনা ৷ মৰিগাঁৱৰ লাহৰিঘাটৰ পৰা টীয়কলৈ গৈ থকা অৱস্থাত এজন প্ৰাক্তন সেনা জোৱানক দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য খুৱাই জোৱানজনৰ পৰা লৈ গ’ল বাহনসহ নগদ ধন ৷ ঘটনা অনুসৰি, ভুক্তভোগী প্ৰাক্তন জোৱানজন কৰ্মসূত্ৰে নিশা লাহৰীঘাটৰ পৰা টীয়কলৈ গৈ আছিল ৷

প্ৰাক্তন সেনা জোৱানজনে দেৰগাঁৱত সুৰা ক্ৰয় কৰিছিল ৷ তাৰ পিছৰ পৰা কেনেকৈ তেওঁ অচেতন হ’ল সেয়া তেওঁৰ জ্ঞাত নহয় আৰু পুৱা নামবৰ বনাঞ্চলত তেওঁ সাৰ পাই আচৰিত হয় ৷ পৰৱৰ্তী সময়ত নামবৰ বনাঞ্চলৰ সমীপৰ পৰা তেওঁক স্থানীয় ৰাইজে উদ্ধাৰ কৰে ৷ তাৰ পাচত ৰাইজে সোধ-পোচ কৰাত বিষয়টো বৰ্ণনা কৰিলে জোৱানজনে ৷ লাহৰীঘাটৰ পৰা টীয়কলৈ আহি থকা অৱস্থাত জোৱানজন কেনেকৈ নামবৰ বনাঞ্চল পালেগৈ সিও এক ডাঙৰ ৰহস্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : দুই হাতীৰ যুঁজত পুৱাই শুৱা পাটি এৰিলে গোলাঘাটৰ কেইবাখনো গাঁৱৰ লোকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.