দুই হাতীৰ যুঁজত পুৱাই শোৱাপাটী এৰিলে গোলাঘাটৰ কেইবাখনো গাঁৱৰ লোকে

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:23 AM IST

Updated : Dec 18, 2023, 11:41 AM IST

thumbnail

গোলাঘাট, 18 ডিচেম্বৰ : খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ৷ বিশেষকৈ মৰঙী মৌজাত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ উল্লেখ্য যে, দেওবাৰে নিশাৰ ভাগত জিলাখনৰ পংকা গ্ৰান্টৰ পংকা গ্ৰাণ্ট অঞ্চলত প্ৰৱেশ কৰিছিল এটা বন্যহস্তীৰ জাকে ৷ সোমবাৰে পুৱা হাতীৰ জাকটো জনাঞ্চলৰ পৰা বনাঞ্চললৈ পুনৰ ঘূৰি যাওঁতে জাকটোৰ দুটাকৈ হাতীয়ে যুঁজত লিপ্ত হয় ৷ 

ঘণ্টা ঘণ্টা ধৰি দুই বন্যহস্তীৰ যুঁজত আতংকিত হৈ পৰে ৰাইজ ৷ ইফালে পংকা গ্ৰাণ্ট গাঁৱত আৰম্ভ হোৱা দুই হাতীয়ে যুঁজি যুঁজি প্ৰৱেশ কৰে চাৰি নং ৰংবং নামৰ আন এখন গাঁৱত ৷ উক্ত অঞ্চলটোতে দীৰ্ঘ সময় ধৰি যুঁজি থাকে দুই হাতীয়ে ৷ পৰৱৰ্তী সময়ত যুঁজি যুঁজি ভাগৰুৱা দুই হাতীয়ে নদী পাৰ হৈ পুৱাৰ ভাগত কাৰ্বি আংলঙৰ দিশে গতি কৰে ৷ 

লগতে পঢ়ক : গোলাঘাটত দেহ ব্যৱসায়ৰ ঘাটি উচ্ছেদ গ্ৰাহকসহ ৮ জনক আটক

Last Updated : Dec 18, 2023, 11:41 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.