ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা

By

Published : Sep 19, 2021, 5:02 PM IST

thumbnail

ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । এই অভিযানৰ মাজতে কামৰূপ আৰক্ষীৰ এক বৃহৎ সফলতা । দেওবাৰে পুৱাই গুৱাহাটীৰ হাতীগাঁৱত কামৰূপ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ । দুষ্টচক্ৰই এখন বিলাসী বাহনেৰে ড্ৰাগছখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল । আৰক্ষীয়ে গাড়ীখন ৰাখিবলৈ নিৰ্দেশ দিওঁতে পলায়নৰ চেষ্টা কৰে ড্ৰাগছ মাফিয়াৰ দলটো । পাছত বাহনক লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে ৷ অৱশেষত নম্বৰ প্লেট বিহীন বিলাসী বাহনখনৰ পৰা ৩৬ পেকেট ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । ড্ৰাগছখিনিৰ মূল্য ৩ কোটি ৫০ লাখ টকা হ'ব বুলি আৰক্ষীয়ে অৱগত কৰে । কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু DSP কল্যাণ পাঠকৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ সহযোগত চলিছিল এই অভিযান । অভিযানত আহত হয় কামৰূপ আৰক্ষীৰ এগৰাকী জোৱান । অৱশ্যে অপৰাধী চক্ৰৰ লগত জড়িত আন এখন বাহন পলাই যাবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.