Jorhat-Majuli Bridge: পূৰ্ণগতিত চলিছে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য

By

Published : Mar 29, 2022, 3:54 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

পূৰ্ণগতিত চলিছে মাজুলীবাসীৰ সপোনৰ মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণকাৰ্য (Jorhat Majuli Bridge)। অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিলে আঠটাকৈ খুঁটা । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এটা অনুৰোধ আৰু কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ বাবে সম্ভৱ হৈ উঠিল মাজুলীবাসীৰ এক দীৰ্ঘদিনীয়া সপোন । চিংগাপুৰ আৰু মালয়েছিয়াৰ নতুন প্ৰযুক্তিৰে নিৰ্মিত এই দলঙৰ ব্যয় প্ৰায় ৬৮০ কোটিলৈ হ্ৰাস পোৱাৰ লগতে নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত দলংখনৰ মান উন্নত হ’ব বুলি আশা কৰা হৈছে । কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীয়ে লোকসভাত কৰা মন্তব্যই দলংখন সোনকালেই সম্পূৰ্ণ হৈ উঠাৰ আশা প্ৰকট কৰি তুলিছে । ইফালে সপোনৰ দলংখনৰ কাম ক্ষীপ্ৰ গতিত চলি থকা বাবে উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.