বিৰোধীক শূণ্য কৰি নলবাৰী পৌৰসভা দখল বিজেপিৰ

By

Published : Mar 9, 2022, 9:20 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

অৱশেষত ঘোষণা হ’ল অসম পৌৰ সভাৰ নিৰ্বাচনৰ ফলাফল (Assam Municipality Election Result 2022) ৷ নলবাৰীত বিৰোধীক ধূলিসাৎ কৰি বিজয় ধ্বজ্জা উৰুৱালৈ গেৰুৱাবাহিনীয়ে । প্ৰত্যাশিতভাৱে নলবাৰী পৌৰ সভা আহিল বিজেপিৰ দখলত (BJP win in all seat of Nalbari municipality board election 2022) ৷ বুধবাৰে নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোট গণনাৰ অন্তত বিজেপিয়ে ১১খন আসন আৰু অগপই ২ খন আসন লাভ কৰে । উল্লেখ্য যে, মুঠ ১৭ খন আসন বিশিষ্ট নলবাৰী পৌৰ সভাত ইতিপূৰ্বে বিজেপিৰ ৪ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হৈছে । ইয়াকে লৈ বিজেপিয়ে ১৫ খন আৰু অগপই ২ খন আসন লাভ কৰিবলৈ সক্ষম হয় ।

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.