ভাৰতীয় বায়ু সেনাৰ ড্ৰোণ দুৰ্ঘটনাগ্ৰস্ত

By

Published : Aug 11, 2021, 11:28 AM IST

thumbnail

কাৰিকৰী বিসংগতিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ু সেনাৰ(Indian Air Force) এখন ড্ৰোণ ৷ মঙলবাৰে ARPA নামৰ ভাৰতীয় বায়ু সেনাৰ নিৰীক্ষণ ড্ৰোণখন(surveillance drone) দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুৰ্ঘটনাৰ ঠিক পাচতে বিএছএফৰ জোৱানসকলে(BSF jawans) বায়ু সেনাক ড্ৰোণখন হস্তান্তৰ কৰে ৷ এই সন্দৰ্ভত জানিবলৈ দিয়া বিএছএফৰ এজন বিষয়াই প্ৰকাশ কৰে যে, "যোগাযোগ হেৰুওৱাৰ পাচত বায়ু সেনাৰ দলটোৱে ড্ৰোণখন বিচাৰিবলৈ আৰম্ভ কৰে ৷ যোগাযোগ হেৰুওৱা এলেকাটোৰ লগতে কাষৰীয়া এলেকাত অনুসন্ধান আৰম্ভ হৈছিল ৷ 1.5 ঘণ্টাৰ তালাচী অভিযানৰ পাচত মালো গিল(Malo Gil) গাঁৱত দুৰ্ঘটনাগ্ৰস্ত ড্ৰোণখনৰ সন্ধান লাভ কৰা গৈছিল ৷ প্ৰথমতে মালো গিল গাঁৱৰ আকাশত হেলিকপ্তাৰৰ চলাচলে স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল ৷ ড্ৰোণখনৰ সন্ধানত পাচত বায়ু সেনাৰ সৈতে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.