Assam Municipal Election 2022 : বিজেপিৰ সৈতে আসনৰ বুজা-বুজি অগপৰ

By

Published : Feb 11, 2022, 10:02 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

thumbnail

ইতিমধ্যে ৰাজ্যত চলিছে পৌৰসভা নিৰ্বাচনক (Assam Municipal Election 2022 ) লৈ এক উখল-মাখল পৰিৱেশ ৷ আগন্তুক 6 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যৰ 80 খন পৌৰসভাৰ নিৰ্বাচন (Assam Municipal Elections to be held on March 6) । এইবাৰ নিৰ্বাচনত বিজেপিৰ সৈতে আসন বুজাবুজিৰে পৌৰসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বলৈ সাজু হৈছে অসম গণ পৰিষদ ৷ কিছুদিন পূৰ্বে দলীয় প্ৰতীক নোলোৱাকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) য়ে কৰা ঘোষণাক আদৰণি জনায় অগপ সভাপতি অতুল বৰাই (Atul Bara on understanding AGP-BJP seats in municipal elections) । বিজেপিৰ সৈতে কেইখন আসন বুজাবুজি কৰিব বুলি সাংবাদিকে শুধা প্ৰশ্নৰ উত্তৰত সেয়া স্থানীয় ভাৱে জিলা আৰু বিধান পৰিষদে ঠিৰাং কৰিব বুলি মন্তব্য কৰে অগপ সভাপতি অতুল বৰাই । উল্লেখ্য যে, 9 মাৰ্চত হ’ব পৌৰসভা নিৰ্বাচনৰ ভোট গণনা । 80 খন পৌৰসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 15 ফেব্ৰুৱাৰী ।

Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.