মহিমা চাহ বাগিচাৰ বিষয়াক আক্ৰমণ কৰ্মচাৰীৰ

By

Published : Oct 1, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

দুৰ্গা পূজাৰ প্ৰাক্ক্ষণত গোলাঘাটত অঘটন (Attempt to murder at Golaghat) । গোলাঘাট জিলাৰ মহিমা চাহ বাগিচাত (Mahima Tea Garden of Golaghat) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । চাহ বাগিচাখনৰ সমাজ কল্যাণ বিষয়া (Officer of Mahima Tea Garden stabbed) কেশৱ কৰ্মকাৰক আক্ৰমণ । বাগিচাখনৰ স্থায়ী কৰ্মচাৰী অনন্ত তাঁতীয়ে যোৱা নিশা চোকা অস্ত্ৰৰে কৰ্মকাৰৰ ডিঙিত ঘপিওৱাত তেওঁ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় । বাগিচাখনৰ বিষয়াগৰাকীয়ে মটৰ চাইকেলত উঠি যাবলৈ লওতেই পিছ ফালৰ পৰা কলম কটাৰীয়ে ডিঙিত আঘাট কৰে অনন্তই । ঘটনাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । আঘাতপ্ৰাপ্ত কৰ্মকাৰ গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত (Shaheed Kushal Konwar Civil Hospital) চিকিৎসাধীন কৰা হয় যদিও পিছত তেওঁক যোৰহাটলৈ প্ৰেৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.