নলবাৰীৰ বিভিন্ন প্ৰন্তত বিশ্বকৰ্মা পূজাৰ আয়োজন

By

Published : Sep 17, 2022, 9:47 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হয় বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা (Vishwakarma Puja in Assam) ৷ বিগত দুটা বছৰ ধৰি ক'ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে এই পূজা উদযাপন কৰা হৈছিল যদিও এইবাৰ মুকলিমূৰীয়াকৈ ৰাজ্যৰ চৌদিশে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে । বিশ্ব খনিকৰৰ পূজা উপলক্ষে ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ভীষণ ব্যস্ততা পৰিলক্ষিত হৈছে । বিভিন্ন স্থানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, কল-কাৰখানা আদিত বিশ্বকৰ্মা পূজাভাগ আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰো(Vishwakarma Puja observed in Nalbari) বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বিশ্বখনিকৰৰ পূজা অৰ্চনা কৰা হয় । নলবাৰীৰ ভাগ্যশ্ৰী মটৰ্ছতো দশম বাৰ্ষিক বিশ্বকৰ্মা পূজা পালন কৰা হয় । এই উপলক্ষে নাগাৰা নামো পৰিবেশন কৰা হয় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.