শাৰদীয় বতৰত নলবাৰীত পিষ্টল আৰু চোকা অস্ত্ৰ উদ্ধাৰ

By

Published : Sep 25, 2022, 1:14 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

এতিয়া উৎসৱৰ বতৰ । দুৰ্গা পূজাৰ প্ৰস্তুতিক লৈ ব্যস্ত ৰাজ্যবাসী (Durga preparation)। তাৰ মাজতে নলবাৰীত চাঞ্চল্যকৰ ঘটনা । জিলাখনৰ মুকালমুৱাত উদ্ধাৰ হৈছে পিষ্টল আৰু চোকা অস্ত্ৰ (Pistol and Sharp weapon recovered in Nalbari)। শনি ৰোডৰ মাছৰ পাইকাৰী বজাৰত উদ্ধাৰ মাৰণাস্ত্ৰখিনি (Weapon recovered in Nalbari fish market)। অস্ত্ৰখিনিৰ লগতে দুজন যুৱককো আটক কৰে আৰক্ষীয়ে । আটকাধীন যুৱক দুজন ক্ৰমে গুৱাহাটীৰ নাৰেংগীৰ ২ নং কুণ্ডৰগুৰিৰ বাবলু ৰাজবংশী আৰু বঙাইগাঁওৰ অভয়াপুৰীৰ ৰঞ্জন কলিতা বুলি জানিব পৰা গৈছে । মাছৰ পাইকাৰী বজাৰলৈ যুৱক দুজনে মাৰণাস্ত্ৰ লৈ অহা প্ৰত্যক্ষ কৰে স্থানীয় লোক । স্থানীয় লোকে যুৱক দুজনক তাৰ পৰা আঁতৰি যোৱাৰ বাবে অনুৰোধ কৰাৰ পাছতো যুৱক দুজনে আঁতৰি যোৱা নাছিল । লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ এটা পিষ্টল আৰু চোকা অস্ত্ৰ আৰু এটা মোবাইলসহ দুয়োকে আটক কৰে (Two arrested in Nalbari with pistol)। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে আতংকৰ সৃষ্টি হয় । ইফালে আৰক্ষী সম্প্ৰতি ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.