বিপুল চৌধুৰীক আদালতত হাজিৰ

By

Published : Sep 15, 2022, 8:38 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বুধবাৰে নিশা নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিপুল চৌধুৰীক ৷ ঘৰৰ চাৰিসীমাত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি থোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় এপাৰ্টমেন্টৰ স্বত্বাধিকাৰীজনক (Arrested for illegally connecting electricity) ৷ লগতে নলবাৰী সদৰ থানাত 395/22 U/S 304 IPC ধাৰাত এক গোচৰ ৰুজু হয় । তাৰপিছতেই নিশাই আদালতত হাজিৰ কৰোৱা হয় বিপুল চৌধুৰীক (Teen died in Nalbari) ৷ উল্লেখ্য যে, বুধবাৰে পুৱা বটল আৰু ভগা ছিগা সামগ্ৰী বিচাৰি যোৱা ১৫ বছৰীয়া অমিত দাস নামৰ কিশোৰজনে বিপুল চৌধুৰীয়ে স্থাপন কৰা মৰণফান্দ ৰূপী বৈদ্যুতিক তাঁৰত লাগি অকাল মৃত্যু সাৱতি লৈছিল (Teenager dies of electrocution in Nalbari)। তাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিপুল চৌধুৰীক ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.