Pathan Controversy : বিকিনি পিন্ধাই বাংলাদেশী মিঞাক টার্গেট কৰিছে "পাঠান"এ: শিলাদিত্য দেৱ

By

Published : Jan 22, 2023, 7:12 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

অসমত পাঠান ছবি চাবলৈ বাংলাদেশী মিঞাখিনিয়েই বেছিকৈ যাব ৷ ৰিক্সা চলোৱা, চোৰ-ডকাইত কৰা বাংলাদেশী মিঞাখিনিক লক্ষ্য কৰিয়েই পাঠান ছবি নিৰ্মাণ কৰা হৈছে ৷ এই মন্তব্য হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ ৷ মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰা আদিত্য চোপ্ৰা প্ৰযোজিত নতুন ছবি পাঠানৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নোত্তৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে (Former MLA Shiladitya Dev)৷

সংবাদ মাধ্যমৰ সন্মুখতে পাঠান ছবিৰ ‘বেচৰম ৰং’ শীৰ্ষক ভিডিঅ’ গীতটো ইউটিবত চাই বহুকেইটা মন্তব্য কৰিলে শিলাদিত্য দেৱে ৷ গীতটোত দীপিকা পাডুকনে(Deepika Padukone) গেৰুৱা ৰঙৰ পোচাকত স্বল্পবসনা হৈ অভিনয় কৰা সন্দৰ্ভত তেওঁ কয় যে, গীতটো এটা অশ্লীল গীত ৷ গীতটোৰ ভিডিঅ’ত নায়িকাই পৰিধান কৰা কাপোৰ আৰু ৰঙে অশ্লীলতা স্পষ্ট কৰা বুলি কয় প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ তেওঁ কয় যে, দীপিকা পাডুকনে ভিডিঅ’টোত প্ৰথমে সাধাৰণ ৰঙৰ পোচাক পিন্ধি থকা দেখা যায় যদিও কাহিনী অনুসৰি পাডুকনৰ চাৰিত্ৰিক স্খলন হোৱাৰ পিচত গেৰুৱা ৰং ব্যৱহাৰ কৰিছে ৷ গতিকে এইটো এটা অশ্লীল গীত বুলি মন্তব্য কৰে শিলাদিত্য দেৱে ৷

গেৰুৱা ৰংটো হিন্দু সমাজ তথা সনাতনী ধৰ্মত পৱিত্ৰ জ্ঞান কৰা হয় ৷ হিন্দু সমাজত গেৰুৱা ৰংটো সাধু-সন্তসকলে ব্যৱহাৰ কৰে বুলি মন্তব্য কৰি তেওঁ কয় যে সূৰ্য উদয় আৰু অস্তৰ সময়তো গেৰুৱা ৰংটো দেখা যায় ৷ যজ্ঞৰ জুইৰ ৰঙো গেৰুৱা বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে সনাতন ধৰ্মত গেৰুৱা ৰঙৰ বিশেষ তাৎপৰ্য আছে ৷

পাঠান ছবি চোৱা-নোচোৱাৰ সন্দৰ্ভত তেওঁ কয়- ‘‘পাঠান ছবি মই নাচাও ৷ কাৰণ ইতিমধ্যেই ছবিখনক লৈ বিতৰ্ক হৈছে ৷ তদুপৰি যিটো গান এতিয়া মই চালোঁ, সেইটো সঁচাকৈয়েই অশ্লীল ৷ ইয়াত চাবলগীয়া একো নাই ৷ বিকিনি পিন্ধি নৃত্য কৰিছে ৷ বিকিনি পিন্ধি তেওঁলোকে এইটোৱেই প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে যে, তেওঁলোকৰ দৰ্শক মই নহয় ৷ তেওঁলোকৰ দৰ্শক বাংলাদেশী মিঞা শ্ৰমিক ৷ গতিকে বাংলাদেশী মিঞা যাব চাবলৈ ’’(Shiladitya Dev on Pathan movie)৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.