ডিব্ৰুগড়ত শংকৰদেৱৰ জন্ম জয়ন্তীত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

By

Published : Oct 5, 2022, 5:06 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ তিথিত (574th Birth anniversary of Srimanata Sankardev) অংশগ্ৰহণ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় চহৰৰ জে লে'নত থকা মিলন নগৰ নামঘৰত উপস্থিত হৈ মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথিত অংশগ্ৰহণ কৰে (Former CM of Assam Sarbananda Sonowal) । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে চাকি-বন্তি জ্বলাই মহাপুৰুষজনাৰ কৰ্ম-আদৰ্শক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নতুন প্ৰজন্মক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায় (Sankardeva birth anniversary celebrations) । গুৰুজনাৰ অমৰ বাণীসমূহ বিশ্বৰ প্ৰতিটো প্ৰান্তলৈ বিস্তাৰ কৰিবলৈ ৰাজ্যৰ সকলো শ্ৰেণীৰ নাগৰিককে আগবাঢ়ি আহিবলৈ আহ্বান জনায় (Central Minister Sarbananda Sonawal) । লগতে মহাপুৰুষজনাৰ চিন্তা-আদৰ্শই বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.