Bharat Jodo Yatra: বিজেপিৰ বিৰুদ্ধে থকা ৰাইজৰ ক্ষোভৰ বাবেই সফল হৈছে ভাৰত জোড়ো যাত্ৰা: ৰকিবুল হুছেইন

By

Published : Dec 10, 2022, 12:12 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

অসম প্ৰদেশ কংগ্ৰেছে ধুবুৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা কৰ্মী সকলোৱে কৰিছিল সমালোচনা । কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক এক নাটক আখ্যা দি এই যাত্ৰাত কোনেও অংশ নলয় বুলি বিজেপি দলটোৱে কটাক্ষ কৰিছিল (Rakibul hussain criticize BJP) ৷ এনে সমালোচনা, কটাক্ষক উফৰাই মৰাণত ইয়াৰ উত্তৰ দিলে কংগ্ৰেছ নেতা তথা প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, আমি ভৱাতকৈও বেছি সংখ্যক ৰাইজে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিছে (Bharat Jodo Yatra In Moran)। বিজেপি চৰকাৰে মূল্যবৃদ্ধি, কৰ বৃদ্ধিকে আদি কৰি বিভিন্ন হেঁচা ৰাইজৰ ওপৰত দিছে । বিজেপি শাসিত চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত উমি উমি জ্বলি থকা জুইকুৰাৰ বাবেই স্বতঃস্ফুৰ্তভাৱে ভাৰত জোড়ো যাত্ৰাত অংশ ল'বলৈ ৰাইজ ওলাই আহিছে বুলি কয় ৰকিবুল হুছেইনে । লগতে কয়, সমগ্ৰ দেশযুৰি ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱ ইতিমধ্যে হিমাচলৰ নিৰ্বাচনত পৰিছে, এই কথাৰ প্ৰমাণো পাইছে ৰাইজে । ভূপেন বৰাৰ নেতৃত্বত অসমত হোৱা ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱো ৰাইজে দেখিবলৈ পাব বুলি কয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.