War against drugs: নগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

By

Published : Jan 24, 2023, 10:24 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নগাঁৱৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বৰবিহ ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ পুনৰ ড্ৰাগছৰ বিৰুদ্ধে চলোৱা দুটা পৃথক অভিযানত সফলতা লাভ কৰে নগাঁৱৰ আৰক্ষীৰ লগতে চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েনে(Operation against drugs) । নগাঁৱৰ অন্যান্য প্ৰান্তৰ লগতে ধিঙৰ ধূপগুৰি অঞ্চলতো একাংশ যুৱক ড্ৰাগছৰ বেহাৰে সৈতে জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । এনে অভিযোগে ব্যাপক চৰ্চা লাভ কৰাৰ সময়ত নগাঁৱৰ কাতিমাৰিস্থিত চি আৰ পি এফ ৰে 34 নং বেটেলিয়েন আৰু ধিং আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হয় বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়(Drugs seized in Nagaon) ।  

মঙলবাৰে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদৰে নেতৃত্বত ধিং আৰক্ষীৰ এটা দলৰ লগতে চি আৰ পি এফৰ 34নং বেটেলিয়েনৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ধূপগুৰি অঞ্চলত । ধূপগুৰিৰে কছাৰী গাঁৱত আৰক্ষী চি আৰ পি এফৰ দলটোৱে চলোৱা অভিযানৰ সময়ত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধিং আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত জব্দ কৰা সন্দেহজনক হেৰ'ইন খিনিৰ ওজন 27.12 গ্ৰাম ।

জব্দ কৰা হেৰ'ইনৰে সৈতে ধিঙৰ ধূপগুৰি কছাৰী গাঁৱৰ নিজামুদ্দিন নামৰ সৰবৰাহকাৰীটোক আটক কৰে আৰক্ষী-চি আৰ পি এফৰ দলটোৱে । ড্ৰাগছ সৰবৰাহৰ অধিক তথ্যৰ বাবে ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী নিজামুদ্দিনক(Drugs smuggler arrested in Nagaon) ।

উল্লেখযোগ্য যে, নগাঁৱৰ ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে ৰাজা ইৰ্শ্বাদে যোগদান কৰাৰ পিছৰ পৰা ধিং অঞ্চলত প্ৰায় ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ইফালে, সোমবাৰে নিশাও নগাঁও আৰক্ষীয়ে চলোৱা আন এক অভিযানত চাৰিটাকৈ চাবোনৰ বাকচভৰ্তি ড্ৰাগছ জব্দ কৰাৰ লগতে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।  

নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁৱৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত নগাবন্ধা চাৰিআলিত অভিযান চলাই ড্ৰাগছসহ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক(War against drugs) । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা জুৰীয়াৰ কদমণি পথাৰ গাঁৱৰ ছাইফুল ইছলাম আৰু পাৰ্বেছ মেহেদি । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা AS-12-Q-4188 নম্বৰৰ এখন মহিন্দ্ৰা কে ইউ ভি বাহনৰ লগতে AS-02-ER- 3604 নম্বৰৰ এখন ই ৰিক্সাও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.