Moral policing: ধূপধৰাত গছত বান্ধি পুৰুষ-মহিলাক প্ৰহাৰ একাংশ লোকৰ

By

Published : Nov 4, 2022, 1:27 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে (Moral policing incident)। পুৰুষ আৰু মহিলাক গছত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে একাংশ লোকে । অবৈধ সম্পৰ্কৰ অভিযোগ তুলি একাংশ লোকে প্ৰহাৰ কৰে দুয়োগৰাকীক । গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰী গাঁৱত যোৱা ২৭ অক্টোবৰৰ নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । জানিব পৰা মতে গাঁওখনৰ এগৰাকী বিধৱা মহিলাৰ সৈতে কছুম উদ্দিন নামৰ লোকজনৰ অবৈধ সম্পৰ্ক থকা বুলি অভিযোগ কৰিছে মহিলাগৰাকীৰ দেওৰ জচমত আলীৰ লগতে একাংশ লোকে । অভিযোগ কৰাই নহয় গছত বান্ধি দুয়োগৰাকীকে প্ৰহাৰ কৰে লোকসকলে । অৱশ্যে ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ পুৰুষ আৰু মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে ভুক্তভোগী যুৱকজনে অভিযোগ কৰা মতে তেওঁৰ পৰা আক্ৰমণকাৰী জচমত আলীয়ে ধন ধাৰলৈ নিছিল । কিন্তু ধন উভতাই দিব নোৱাৰি তেনেদৰে মিছা অভিযোগত তেওঁ প্ৰহাৰ কৰিছে লোকসকলে (Tense situation in Nagarbera)। ইতিমধ্যে ভুক্তভোগী যুৱকজনে আক্ৰমণকাৰী কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । কিন্তু এজাহাৰ দাখিলৰ এসপ্তাহৰ পাছতো এজনো অভিযুক্তক আটক নকৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী যুৱকজনে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.