Garakhiya sewa observed: বাক্সাত গৰখীয়া সেৱা আৰু ধৰ্মীয় মহোৎসৱ উদযাপন

By

Published : Jan 17, 2023, 1:57 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

পহিলা মাঘৰ দিনাই ৰাজ্যৰ মন্দিৰে মন্দিৰে দেখা গ'ল ভক্তৰ লানি নিচিগা সোঁত(Magh Bihu 2023) । মাঘ মাহৰ প্ৰথম দিনটোতে মন্দিৰলৈ গৈ নিজৰ লগতে আনৰো মংগল কামনা কৰে ভক্তসকলে । ব্যতিক্ৰম নহয় বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্ত্তী পূব নমাটি মূৰমেলাস্থিত শ্ৰীশ্ৰীগৰখীয়া গোঁসাই মন্দিৰ । 

শ্ৰীশ্ৰীগৰখীয়া গোঁসাই মন্দিৰত অনুষ্ঠিত গৰখীয়া সেৱা আৰু ধৰ্মীয় মহোৎসৱত ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়(Garakhiya sewa observed in Baksa) । দশম বাৰ্ষিক গৰখীয়া সেৱা আৰু ধৰ্মীয় মহোৎসৱৰ কাৰ্যসূচী বুধবাৰে পুৱা ৬:৪৫ বজাৰ পৰা আৰম্ভ হয় ৷ অনুষ্ঠানত মুখ্যদ্বাৰ উন্মোচন কৰে শ্ৰীশ্ৰী গৰখীয়া গোসাঁই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বিভৱ গোস্বামীয়ে । 

কুমাৰী ছোৱালীৰ দ্বাৰা পানী তোলা অনুষ্ঠানৰ পিছতে আৰম্ভ হয় গৰখীয়া সেৱাৰ অনুষ্ঠান । শুভাৰম্ভ কৰে জ্যেষ্ঠ সমাজকৰ্মী জগত ৰাজবংশীয়ে ৷ উক্ত অনুষ্ঠানত ১২ গৰাকী গৰখীয়াক যথাৰীতি সেৱা আগবঢ়োৱা হয় ৷ গৰখীয়া সেৱা অনুষ্ঠানৰ অন্তত গৰখীয়া সকলৰ দ্বাৰা চাত পোতা অনুষ্ঠান আৰম্ভ হয় ৷ পুৱা ১০:৩০ বজাত বিশ্ব শান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰা হয় । ১০:৪৫ বজাত শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুওৱা হয় । ১১ বজাত গৰখীয়া সেৱা ধৰ্মীয় মহোৎসৱৰ বন্তি প্ৰজ্বলন কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.