ত্ৰিপুৰা সীমান্তত ২ কোটি মূল্যৰ গাঞ্জা জব্দ অসম আৰক্ষীৰ

By

Published : Sep 10, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত জব্দ বুজন পৰিমাণৰ গাঞ্জা (Ganja seized in Assam Tripura border) । RJ 10G B 6442 নম্বৰৰ এখন কনটেইনাৰ গাড়ীৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জাখিনি । গাঞ্জাখিনিৰ ওজন ১ টন ১ কুইণ্টল ৮ কেজি বুলি জানিব পৰা গৈছে । আনহাতে, উদ্ধাৰকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য দুই কোটি টকা বুলি আৰক্ষীয়ে জনাইছে (2 crores value Ganja seized in churaibari) । ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী আছিল গাড়ীখন । এই অপৰাধত মণীষ কুমাৰ নামৰ বিহাৰৰ গাড়ীচালকজনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Assam police seized Ganja) । ১০ হেজাৰ টকাৰ বিনিয়মত ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ যোৱাৰ কথা আছিল গাড়ীখন । চূড়াইবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন দাসৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.