মাণিকপুৰত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ সামৰণি

By

Published : Sep 20, 2022, 8:52 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বঙাইগাঁও জিলাৰ পাতিলাদহা(Football Tournament at Patiladaha)বাপুজী ক্লাৱৰ উদ্যোগত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনৰ সোমবাৰে সামৰণি কৰে । খেলখনত পাতিলাদহা দলে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । বঙাইগাঁও জিলাৰ মাণিকপুৰ(Football Tournament at Manikpur) আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা বাপুজী খেলপথাৰত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় । পাতিলাদহা বাপুজী সংঘৰ সৌজন্যত স্বৰ্গীয় বীৰেন্দ্ৰ সিংহ ধ্বজ আৰু স্বৰ্গীয় পানীৰাম ৰায় সোঁৱৰণী প্ৰাইজমানী আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ফেহুৰাখোৱা আৰু পাতিলাদহা দলৰ মাজত অনুষ্ঠিত হয় । উক্ত খেলখনত পাতিলাদহা ফুটবল দলে ফেহুৰাখোৱা ফুটবল দলক ৩-২ গলৰ ব্যৱধানত পৰাজিত কৰে । খেলখনত উপস্থিত থাকে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ (Kamtapur Autonomous Council)কাৰ্যবাহী সদস্য গকুল বৰ্মন ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.