Fire Breakout at Kalgachia: মৰাপাট ভৰ্তি গুদামৰ লগতে তিনিখন দোকান ভস্মীভূত

By

Published : Dec 3, 2022, 8:56 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

কলগাছিয়াৰ কান্দুলিয়াত শনিবাৰে দিনৰ 11 বজাত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire Breakout at Kalgachia) ৷ এই অগ্নিকাণ্ডত এটা মৰাপাটভৰ্তি গুদামঘৰ, ৰাসায়নিক সাৰৰ দোকান, হাৰ্ডৱেৰৰ দোকান আৰু এটা গেলামালৰ দোকান ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় (Fire Incident in Barpeta) ৷ বৈদ্যুতিক শ্বর্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ এই অগ্নিকাণ্ডত নগদ ধন সহ প্ৰায় এক কোটি টকাৰ সা-সম্পত্তি ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিছতে ঘটনাস্থলীত কলগাছিয়া আৰু বঙাইগাঁও অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডত সকলো জাহ যায় ৷ ক্ষতি হোৱা দোকানৰ স্বত্বাধিকাৰী কেইজন হৈছে মৰাপাটৰ গুদাম ঘৰৰ স্বত্বাধিকাৰী ৰাজু, গেলামালৰ দোকানৰ স্বত্বাধিকাৰী বাহাৰুল ইছলাম আৰু হাৰ্ডৱেৰৰ দোকানৰ স্বত্বাধিকাৰী চাইদুল ইছলাম ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.