Dibrugarh ragging case : PNGB ছাত্ৰাৱাসত নিশা ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ

By

Published : Dec 2, 2022, 10:17 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ঘটনাৰ তদন্তৰ ক্ষেত্ৰত অধিক তৎপৰ হৈছে ডিব্ৰুগড় আৰক্ষী । ঘটনা সন্দৰ্ভত এই পৰ্যন্ত ৫ জন ছাত্ৰক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে (Arrested on DU ragging case)। বৃহস্পতিবাৰে নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হয় ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ । ৰেগিং কাণ্ডৰ সৈতে জড়িত সকলোকে সোধা-পোছা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । কেৱল ছাত্ৰই নহয় নিৰাপত্তাৰ দায়িত্বত থকা সকলৰ লগতে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ অধীক্ষকসকলকো সোধা-পোছা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । ইফালে ৰেগিং কাণ্ডত জড়িত কোনো লোকে ৰেহাই নাপায় বুলিও দাবী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে (DU SP reacts over ragging case)। তেওঁ উল্লেখ কৰা মতে ঘটনাৰ আন এগৰাকী অভিযুক্ত ৰাহুল ছেত্ৰীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.