Republic day 2023: খানাপাৰাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি পৰ্যবেক্ষণ DGP ভাস্কৰজ্যোতি মহন্তৰ

By

Published : Jan 24, 2023, 9:53 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

74 সংখ্যক গণৰাজ্য দিৱসলৈ(Republic day 2023) মাজত মাত্ৰ এটা দিন বাকী । গণৰাজ্য দিৱস উদযাপনৰ বাবে এতিয়া পূৰ্ণোদ্যমে চলিছে প্ৰস্তুতি । সমগ্ৰ দেশৰ লগতে মহানগৰীৰ খানাপাৰাতো গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি । এই দিৱস যাতে সুকলমে উদযাপন কৰিব পাৰি তাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।

মঙলবাৰে, খানাপাৰাত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত(DGP Bhaskar Jyoti Mahanta) উপস্থিত হৈ প্ৰস্তুতিৰ লগতে সমগ্ৰ দিশটো পৰ্যবেক্ষণ কৰে(Republic day preparation at Khanapara) । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক সংগ দিয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰা, সহকাৰী আৰক্ষী আয়ুক্ত সুৰজিত সিং পানেচৰৰ লগতে বহুকেইগৰাকী আৰক্ষী উচ্চপদস্থ বিষয়াই ।

কোনো দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সস্তম হৈ আছে অসম আৰক্ষী । এনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থাৱলীৰ মাজতেই খানাপাৰা খেলপথাৰত প্ৰশাসনৰ উদ্যোগত চলিছে পেৰেডৰ অনুশীলন ।  

অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে মুঠ 11 টা প্লাটনেও পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰিব(Republic day pared) ৷ উল্লেখ্য যে, খানাপাৰাত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে কহিমাত পতাকা উত্তোলন কৰিব ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে ৷  

বৰপেটা বহৰীৰ জেহাদীৰ পত্ৰক লৈয়ো প্ৰতিক্ৰিয়া DGP ভাস্কৰজ্যোতি মহন্তৰ । এয়া কোনো দুষ্কৃতিকাৰীৰ কাম বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷ এয়া কোনে সংঘটিত কৰিছে তাৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷  

ইফালে, গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফা স্বাধীনকে ধৰি NSCN/GPRNয়ে ৷ আলফা স্বাধীনে মঙলবাৰে প্ৰদান কৰা এক বিবৃতিৰ পিচতেই অধিক সষ্টম হৈ পৰিছে অসম আৰক্ষী ৷ সোমবাৰে ডিব্ৰুগড় জিলাতো আইন-শৃংখলা পৰিস্থিতিতকৈ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিত অনুষ্ঠিত হৈছিল শীৰ্ষ পৰ্যায়ৰ বৈঠক ৷ বৈঠকৰ অন্তন আলফাই কোনো ধৰণ কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনাৰ তথ্য আৰক্ষীৰ হাতত নাই বুলি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰিলেও চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.