Demand for ST reservation constituencies: মৰিগাঁও-ৰহা-জাগীৰোড সমষ্টিক জনজাতিৰ বাবে সংৰক্ষণৰ দাবী
Published on: Nov 16, 2022, 7:40 AM IST

ৰাজ্যৰ 126টা বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে মৰিগাঁও, ৰহা আৰু জাগীৰোড বিধানসভা সমষ্টিক জনজাতিৰ নামত সংৰক্ষণৰ দাবী তিৱা সাহিত্য সভা আৰু তিৱা ৰাজ দৰবাৰ নামৰ দুই তিৱা জাতীয় সংগঠনৰ(Demand for ST reservation) । মঙলবাৰে এই সন্দৰ্ভত তিৱা সাহিত্য সভা আৰু তিৱা ৰাজদৰবাৰৰ নেতৃবৃন্দই মৰিগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । সমষ্টি সংৰক্ষণৰ পটভূমি সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি তিৱা সংগঠনকেইটাই এই স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
Loading...