Bongaigaon refinery worker protest : অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল বঙাইগাঁও শোধনাগাৰ

By

Published : Dec 1, 2022, 1:02 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

শ্ৰমিক সংগঠনৰ প্ৰতিবাদত উত্তাল হ'ল বঙাইগাঁও শোধনাগাৰ (Protest at Bongaigaon Refinery)। বকেয়া ধন মোকলাই দিয়াৰ দাবীত চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদত বহিল অস্থায়ী কৰ্মচাৰীসকল । বঙাইগাঁও শোধনাগাৰ কেজুৱেল ৱৰ্কাৰ্ছ ইউনিয়নৰ তৰফৰ পৰা শোধনাগাৰ কতৃপক্ষক লিখিতভাৱে সময়সীমা দিয়াৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে দুঘণ্টীয়া প্ৰতিবাদী গেট মিটিং কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে (Bongaigaon Refinery casual worker protest)। ইয়াৰ পাছতো যদি শোধনাগাৰ কতৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অহা ৪ ডিচেম্বৰৰ পৰা অধিক শক্তিশালীৰূপত আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনে । পুৱা ৬ বজাৰ পৰাই প্ৰতিবাদী সভা অনুষ্ঠিত কৰে সংগঠনটোৱে । য'ত এহেজাৰৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.