Speech Competition: উত্তম বক্তা গঢ়াৰ প্ৰয়াসেৰে বিজেপি সংখ্যালঘু মৰ্চাৰ বক্তৃতা প্ৰতিযোগিতা

By

Published : Jan 19, 2023, 10:46 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত (BJP office in Guwahati) অসম প্ৰদেশ বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত বৃহস্পতিবাৰে এক বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত (BJP Minority Morcha Assam Pradesh) প্ৰায় ৯০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । নিজ নিজ বুথত অনুষ্ঠিত হোৱা বক্তৃতা প্ৰতিযোগিতাত এই প্ৰতিযোগী সকল বিজয়ী হৈ আহিছে । 

মহাবীৰ লাচিত বৰফুকনৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনসমূহক বিষয় হিচাপে লৈ আয়োজন কৰা হয় এই প্ৰতিযোগিতাখন (Speech Competition in Guwahati) । লাচিত বৰফুকনৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণ মূলক আঁচনিসমূহৰ বিষয়ে সকলোকে অৱগত কৰাৰ উদ্দেশ্যে এই বক্তৃতা প্ৰতিযোগিতাখন আয়োজন কৰা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে (Speech Competition at BJP office) । দলীয় তথা ৰাজ্যিক কৰ্মকৰ্তা সকলক ভাষণ কলাৰ প্ৰতি আকৃষ্ট কৰাৰ উপৰিও উত্তম বক্তা প্ৰস্তুত কৰা এই প্ৰতিযোগিতাখনৰ এক অন্যতম উদ্দেশ্য বুলি জনায় উদ্যোক্তাই । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.