MLA MP as tea maker: পদপথৰ হোটেলত বিধায়কে চাহ বনাই খুৱালে সাংসদক

By

Published : Oct 20, 2022, 10:32 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

বাইহাটা চাৰিআলিত বুধবাৰে এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল এজন সাংসদ আৰু এজন বিধায়কক । কমলপুৰৰ এখন হোটেলত চাহ খাবলৈ সোমাইছিল সাংসদ আৰু বিধায়কগৰাকী । কিন্তু হোটেলৰ চাহ পচন্দ নোহোৱাত বিধায়কগৰাকীয়ে হাতে কামে লাগি গ'ল চাহ বনোৱাত । নিজ হাতে চাহ বনাই খুৱালে সংগী সাংসদকো । এই চাহ বনোৱাজন হ'ল কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা(Kamalpur MLA Diganta Kalita) আৰু চাহ খোৱাজন হ'ল মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া(Mangaldoi MP Dilip Saikia) । অকল ইমানে নহয়, দুয়োগৰাকী সাংসদ আৰু বিধায়কক দেখা গ'ল নাগাৰা নাম দলৰ শিল্পীৰ ৰূপতো । কমলপুৰত বুধবাৰে "চেতনা" নামৰ আচনিৰ অধীনত জ্যেষ্ঠ নাগৰিকৰ মাজত সজাগতা অনাৰ বাবে অনুষ্ঠিত হোৱা অনুষ্ঠানলৈ আমন্ত্ৰিত অতিথি মন্ত্ৰী পীযুষ হাজৰিকাক আদৰি নিয়াৰ আগমূহুৰ্তত এইদৰে দেখা যায় দুয়োজনকে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.