জেডিএছজি মহাবিদ্যালয়ত ডিজিটেল পুথিভঁৰাল মুকলি

By

Published : Sep 29, 2022, 6:25 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

গোলাঘাট জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত নিৰ্মাণ কৰা হৈছে এক অত্যাধুনিক পুথিভঁৰাল (Digital Library in JDSG college)। লগতে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা ১ কোটি টকাৰ সাহায্যৰে নিৰ্মাণ কৰা হৈছে ডিজিটেল শ্ৰেণীকোঠা আৰু ডিজিটেল সভাকক্ষ (Digital library inaugurated in JDSG college)। বুধবাৰে এই নৱনিৰ্মিত পুথিভঁৰাল, শ্ৰেণীকোঠা আদি আনুষ্ঠানিকভাৱে মুকলি কৰে স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাই । উল্লেখ্য যে, মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈৰ প্ৰচেষ্টাত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ সহযোগত ২০২০-২১ বৰ্ষত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা লাভ কৰা সাহায্যৰে নিৰ্মাণ কৰা এই ডিজিটেল পুথিভঁৰাল, ডিজিটেল শ্ৰেণীকোঠা আদি মুকলি কৰিবলৈ পায় যথেষ্ট আনন্দিত মন্ত্ৰী অতুল বৰা (Atul Bora at JDSG college)। অতি সুন্দৰ আৰু পৰিকল্পিতভাৱে নিৰ্মাণ কৰা আটাইকেইটা কক্ষ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰালকৈ মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভাতো অংশ লয় মন্ত্ৰীগৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.