TMC protest in Dhubri: মূল্যবৃদ্ধি আৰু অত্যাধিক পৌৰকৰ নিয়ন্ত্ৰণৰ দাবীত TMC ৰ প্ৰতিবাদ

By

Published : Oct 29, 2022, 7:58 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

মূল্যবৃদ্ধি আৰু অত্যাধিক পৌৰকৰৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীতো এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে জিলা তৃণমূল কংগ্ৰেছে (TMC protest demanding price rise and excessive municipal tax control) । বিয়লিৰ ভাগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদি লৈ অসম চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী মুৰ্দাবাদ, আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক, চৰকাৰে আৰোপ কৰা অত্যাধিক পৌৰকৰ অতি শীঘ্ৰেই প্ৰত্যাহাৰ কৰক আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে (TMC protests in Dhubri) । এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি তথা জ্যেষ্ঠ অধিবক্তা এন আই চোধুৰী, ধুবুৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি মঞ্জুৰুল ইছলাম সৰকাৰ প্ৰমূখ্যে তৃণমূল কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মূল্যবৃদ্ধি ৰোধ আৰু অত্যাধিক পৌৰকৰ বাতিলৰ দাবীত অসমৰ ৰাজ্যপাললৈ প্ৰেৰণৰ বাবে জিলা উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.