Royal Miss Diva Universe 2022: মুম্বাইত উজলিল টিংখাঙৰ জীয়াৰী পাহাৰী গগৈ

By

Published : Jan 19, 2023, 10:00 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমক জিলিকাবলৈ সক্ষম হ’ল এগৰাকী অসম কন্যা ৷ মুম্বাইত অনুষ্ঠিত ৰয়েল মিচ ডিভা সৌন্দৰ্য প্ৰতিযোগিতাত মিচ ডিভা ইউনিভাৰ্চৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে অসমৰ জীয়াৰী পাহাৰী গগৈ(Pahari gogoi crowned Royal Miss Diva Universe) ৷ নিজৰ অশেষ চেষ্টাৰ বলত মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ অতি ভিতৰুৱা অঞ্চলৰ এইগৰাকী যুৱতীয়ে । 

টিংখাঙৰ কেন্দুগুৰী চুৰাতনিবামৰ যুৱতী পাহাৰী গগৈয়ে মুম্বাইত অনুষ্ঠিত ৰয়েল মিচ ডিভা সৌন্দৰ্য প্ৰতিযোগিতাত ৰয়েল মিচ ডিভা ইউনিভাৰ্চৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে(Royal Miss Diva Universe 2022) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ড৹ ভূপেন হাজৰিকা পৰিবেশ্য কলা বিভাগৰ ছাত্ৰী পাহাৰী গগৈয়ে ২০১৮ বৰ্ষত মডেলিং জগতত খোজ দিছিল ৷ 

তেওঁ ২০১৮ চনত মেঘালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰি তেওঁ সাফল্য লাভ কৰিবলৈ সক্ষম হয় ৷ যুৱ মহোৎসৱখনত তেওঁ মিছ নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ খিতাপ অৰ্জন কৰে আৰু তাৰ পাছত তেওঁ গুৱাহাটীত অনুষ্ঠিত নেছনেল ডিভাত ব্ৰেণ্ড এম্বেছেডৰ হোৱাৰ সুযোগ লাভ কৰে ৷ ভৱিষ্যতে এগৰাকী সফল মডেল হোৱাৰ সপোন পাহাৰীৰ ৷ ফেমিনা মিছ ইণ্ডিয়াতো অংশগ্ৰহণৰ পৰিকল্পনা কৰিছে এইগৰাকী অসম কন্যাই ৷

তাৰ পাছতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো সৌন্দৰ্য প্ৰতিযোগিতাত সফলতা লাভ কৰা পাহাৰীয়ে এইবাৰ ৰয়েল মিচ ডিভা ইউনিভাৰ্চৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়(Pahari Gogoi won Royal Miss Diva Universe) ৷ এই খিতাপ লাভৰ জৰিয়তে পাহাৰীয়ে এই বৰ্ষতে থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে ।

পাহাৰী বৰ্তমান অভিনয় আৰু নৃত্যৰ লগত জড়িত ৷ তেওঁ নৃত্যৰ প্ৰশিক্ষণ দি আছে ৷ বিশেষকৈ বিহুৰ সময়ত তেওঁ নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰি নৱ প্ৰজন্মক বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ এগৰাকী নৃত্যশিল্পী হিচাপে সুনাম অৰ্জন কৰা পাহাৰীৰ এই সাফল্যত আনন্দিত হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লোকৰ লগতে টিংখাংবাসী ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.