হালোৱাটিঙত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

By

Published : Sep 2, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত শুকুৰবাৰৰ দিনটোত চাহ শ্ৰমিকসকলে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে (Tea worker protest)। শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙ চাহ বাগিছাতো অসম চাহ মজদুৰ সংঘৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (ACMS protest at Sivasagar)। বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংঘৰ কৰ্মী লগতে শ্ৰমিকসকলে । বাগিছাত কৰ্মৰত উপ-কৰ্মচাৰীসকলৰ ভ্ৰমণ বানচ সংশোধন কৰা, দৰমহা বৃদ্ধিকে ধৰি পৰ্যাপ্ত বোনাচ প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী আৰু শ্ৰমিকসকলে (Tea worker demand)। শ্ৰমিকসকলে অভিযোগ কৰা মতে দীৰ্ঘদিন ধৰি চাহ বাগিছা মালিক সন্থাই অসম চাহ মজদুৰ সংঘৰ এই দাবীসমূহক গুৰুত্ব দিয়া নাই । যাৰ বাবে এই তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৰ লগতে শ্ৰমিকসকলে । আনহাতে শ্ৰমিকসকলৰ দাবী অতি শীঘ্ৰে মানি নল'লে তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে কৰ্মচাৰীসকলে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.