গোলাঘাট আৰক্ষীৰ লক-আপতে ঢলি পৰিল অভিযুক্ত

By

Published : May 21, 2022, 4:52 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

গোলাঘাটৰ আঠখেলীয়া বেবেজীয়াত শুকুৰবাৰে নিশা সংঘটিত হত্যাকাণ্ডৰ অভিযুক্ত ঢলি পৰিল লক-আপৰ ভিতৰত (Accused fall down at police custody in Golaghat)৷ গোলাঘাট আৰক্ষী থানাৰ লকআপৰত থকাৰ অৱস্থাতে হঠাৎ অসুস্থ হৈ ঢলি পৰিল হত্যাৰ অভিযোগত অভিযুক্ত নাজিদুৰ ৰহমান ৷ শনিবাৰে আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে আৰক্ষীৰ জিম্মাত অভিযুক্ত নাজিদুৰ ৰহমান ঢলি পৰি কপাল আৰু শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত হয় ৷ উল্লেখ্য যে, শুকুৰবাৰে পুৱতি নিশা আঠখেলীয়া বেবেজীয়াৰ দিব্যজ্যোতি দাসৰ ঘৰত ডকাইতি কৰাৰ উদ্দেশ্যে যোৱা নাজিদুৰে পৰিয়ালৰ তিনিজন সদস্যক দাৰে আক্ৰমণ কৰাৰ ফলত এজন লোক নিহত হয় (Murder in Golaghat)৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.